কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ গীতত প্ৰেম আৰু বিপ্লৱ
১৯০৯ চনৰ ৩১ জানুৱাৰীত বাহাদুৰ গোপাল চন্দ্র ৰাভা আৰু পত্নী গোঠীৰ গৃহত জন্ম লাভ কৰা সুটো ওৰফে বিষ্ণু প্ৰসাদ ৰাভা আছিল তেওঁলোকৰ আঠগৰাকী সন্তানৰ ভিতৰতে এজন। সৰুৰে পৰাই স্কুলীয়া শিক্ষাৰ লগতে সংগীতৰ জগতখনতো নিজকে বিলীন কৰি দিয়া বিষ্ণু প্ৰসাদ ৰাভা আছিল একেধাৰে এগৰাকী নৃত্যশিল্পী,চিত্ৰশিল্পী,অভিনেতা,খেলুৱৈৰ লগতে এগৰাকী বিপ্লৱী অসমীয়া।জীৱনৰ বিভিন্ন পৰিস্থিতিত সময়ে সৃষ্টি কৰা প্ৰত্যাহ্বান সমূহক মোকাবিলা কৰাই হওঁক নতুবা বিভিন্ন পৰিৱেশত মনৰ ভাৱক প্ৰকাশ কৰাতেই হওঁক,ৰাভাই উৎকৃষ্ট মাধ্যম হিচাপে সংগীতকেই ব্যৱহাৰ কৰিছিল। বিপ্লৱী সত্তাৰ এগৰাকী সাহসী সৈনিক হোৱাৰ লগতে তেখেত আছিল এগৰাকী প্ৰেমিকো।যৌৱনৰ উচ্ছল দিনবোৰত সুন্দৰৰ পূজাৰী ৰাভাই প্ৰিয়াৰ ৰূপত ৰহন চৰাই ৰচিছিল-
“নাহৰ ফুলে নুশুৱাই,তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱাই,কপৌ ফুলে শুৱাব……”
প্ৰিয়াৰ সম্ভেদ বিচাৰি তেওঁ আকৌ লিখিছিল-
“মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগে নে
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে……””
কিন্তু এজন সফল প্ৰেমিকৰ অন্তৰালত থকা বিফলতাৰ দৰেই,তেওঁৰ প্ৰেমো ব্যৰ্থ হৈছিল। তাৰ দুখতে ম্ৰিয়মান ৰাভাই গাইছিল-
“লগন উকলি গ’ল
তেও যে নহ’ল কোৱা
মনৰ কথাটি মোৰ
হিয়াৰ গুপুতে থোৱা……”
ব্যৰ্থতাৰ পিছত আশাত বন্দী ৰাভাই পুনৰ গাইছিল-
“পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হৈ দেখা
পূৰাবনে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূর্ণ আশা….”
প্ৰেমৰ একান্ত সাধক বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৬ চনত প্ৰিয়বালাক নিজৰ প্ৰেমৰ সাক্ষীৰূপে বিবাহ পাশত আৱদ্ধ হয়।কিন্তু বিবাহৰ এমাহৰ ভিতৰতেই টান নৰিয়াত পৰি পত্নীৰ অকাল বিয়োগ ঘটে। পত্নীৰ বিয়োগৰ শোকে ৰাভাক এনেদৰে বিয়াকুল কৰে যে,তেওঁৰ অন্তৰৰ পৰা নিগৰি ওলাল-
“কিবা যেন নাই আজি নাই
আছে হুমুনিয়াহ হতাশ হিয়াৰ
কৰুণ বিননি হায় হায়….”
পত্নীৰ বিয়োগৰ দুখে কিন্তু ৰাভাৰ মনৰ সাংস্কৃতিক চেতনাৰ পৰিধিক বাধা দিব পৰা নাছিল। তেওঁ পুনৰ সংগীত আৰু নৃত্যৰ আৰাধনাত নিমগ্ন হ’ল। এই সময়তেই তেওঁ
“বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে…..” গীতটি ৰচনা কৰি সুদক্ষিণা শৰ্মাৰ কন্ঠেৰে বাণীবদ্ধ কৰিছিল।এই সময়তেই ৰাভাই বিভিন্ন চলচ্চিত্রত সংগীত পৰিচালনাও কৰিছিল।
লাহে লাহে সমাজৰ শোষক শ্ৰেণীটোৰ শোষণৰ বিৰুদ্ধে ৰাভাই নিজৰ কণ্ঠেৰে প্ৰতিবাদৰ জোৱাৰ তুলিলে।শোষক শ্রেণীক সাৱধান বাণী শুনালে-
“দুখীয়াৰ কলিজা নিগৰি লৱ
টুপি টুপি তেজ শুহি শুহি পিৱ
ৰুকি ৰুকি মঙহ চোবাই খাৱ….”
গীতৰ মাধ্যমেদি নতুন দিনৰ নতুন মুকুতিৰ বাণী তেওঁ ৰাইজৰ ওচৰলৈ লৈ আহিল। এখন শোষণহীন,নিষ্পেষণহীন সমঅধিকাৰ থকা সমাজ গঢ়াৰ পৰিকল্পনা ৰাইজলৈ আগবঢ়ালে-
“আগুৱাই ব’ল,আগুৱাই ব’ল
দুন্দুভি বাজে,ভাঙো শোষণৰ
ঘৃণিত দুৱাৰ….”
যেতিয়া সমগ্র দেশতে শ্ৰমিক সংগঠন সমূহৰ জৰিয়তে মজুৰী বৃদ্ধিৰ দাবীত আন্দোলন আৰম্ভ হ’ল,তেতিয়া ৰাভাই গীতেৰে ৰাইজক উদ্ধুদ্ধ কৰিলে…..
“ব’ল ব’ল ব’ল ব’ল
কৃষক শক্তি দল
অ বনুৱা অসমীয়া
আগবাঢ়ি যাওঁ ব’ল….”
১৯৪৮ চনৰ বঙৰাৰ কৃষক সন্মিলনৰ পিছত ৰাভাৰ নামত গ্ৰেপ্তাৰী পৰোৱানা জাৰী হওঁতে,তেওঁ গাইছিল-
“আমাৰ দেশ আমাৰ মাটি
আমাৰ মাটিৰ আমাৰ ধান ঐ
জান গ’লেও মান গ’লেও
ধান নিদিওঁ ধান নিদিওঁ….”
আকৌ অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত বৈপ্লৱিক চেতনা জাগ্রত কৰাৰ নিমিত্তে গাইছিল-
“জাগিব লাগিব তই কছাৰী মিকিৰ
খাছী ৰাভা গাৰো মিৰি কুকী নগাবীৰ……”
এনেদৰেই বিভিন্ন সময়ত প্ৰেম,বিৰহ আৰু বিপ্লৱ আদিৰ ক্ষেত্ৰত গীতেৰে জনতাৰ মাজত সোমাই পৰা ৰাভাৰ কন্ঠ ১৯৬৯ চনৰ ২০ জুনৰ নিশা চিৰদিনৰ কাৰণে ৰুদ্ধ হৈ পৰে। ৰাভাৰ মৃত্যুৰ খবৰত সকলোৰে অন্তৰ দুখত কান্দি উঠিল,ৰৈ ৰৈ যেন বাজি উঠিল মৃত্যু শয্যাত লিখা সেই গীতৰ সুৰ-
“এই মোৰ শেষ গান
জীৱনৰ নাটৰ শেষ ৰাগিনী
কল্যাণ খৰমান…..”।।।।।
-অংশুমান শইকীয়া