পাগল!

Click on the heading to read this wonderful poem!

তুমি মোক পাগল
হ’বলৈ কৈছিলা।
পিছে বহু
পলম হ’ল পল্লৱীতৰা!
তুমি চাগে নাজানা
তুমি নোকোৱাৰ আগতেই
মই হৈ পৰিছিলোঁ
এটা পাগল।
অ এটা পাগল!
মই পাগল
হৈছিলোঁ সেইদিনাই
যিদিনা তুমি মোৰ
ভালপোৱাৰ শেৱালীবোৰ
কলিতেই ছিঙি
ঠান-বান কৰি দিছিলা,
মই পাগল
হৈছিলো সেইদিনাই
যিদিনা তুমি মোৰ
কোমল কলিজাটো
ছাই কৰি দিছিলা।

তুমি হৃদয়হীন পল্লৱীতৰা!
তুমি হৃদয়হীন বুলি
জনা হ’লে
কাহানিও নপৰিলোঁহেঁতেন
তোমাৰ প্ৰেমত!
বিলীন কৰি নিদিলোঁহেঁতেন
মোৰ উশাহ
তোমাৰ উশাহত!
শেষ নকৰিলোঁহেতেন
মই নামৰ সত্বাৰ।

প্ৰেমৰ সংজ্ঞা
তুমি বুজি নোপোৱা
তোমাৰ বাবে প্ৰেম
কেৱল টকা
অ কেৱল টকা!
পিছে তুমি নাজানা
প্ৰেম যে কিনা-বেচাৰ
পণ্য নহয়।
বিলাসী অৰ্ট্টালিকা কেতিয়াও প্ৰেমৰ
ঠিকনা হ’ব নোৱাৰে।
প্ৰেম মানে
দুখন সঁচা হৃদয়ৰ
নিৰ্ভেজাল অনুভূতি
পিছে সেয়া তুমি
উপলব্ধি কৰিব নোৱাৰা।

যৌৱনে গৰকা মোৰ
ল’ৰাময় অবুজ হৃদয়ত
তোমাৰ নামেৰেই
অংকুৰিত হৈছিল
প্ৰেম নামৰ
এটি বীজ
তোমাৰ চঞ্চল হাঁহিটোৱে
মোৰ অজানিতেই
শিহৰিত কৰিছিল
মোৰ হৃদয়ৰ
কোনোবা এচুক।
অজানিতেই তুমি
হৈ পৰিছিলা মোৰ প্ৰেৰণা।
দিনে-নিশাই
কেৱল তুমি আৰু তুমি।
মোৰ বুকুৰ বহুতো
সেউজীয়া সপোন
তোমাৰ নামেৰেই প্ৰাণ
পাই উঠিছিল।
পিছে তোমাৰ হাতত
ধৰি আগুৱাই যোৱাৰ
স্বপ্ন বৰ বেয়াকৈ ভাগিল
মোৰ সঁচা প্ৰেমক
তুমি সঁহাৰি নিদিলা
কাৰণ মোৰ পকেটতটো
নাছিল গান্ধীৰ ফটো
অকা কেইখনমান
খমখমীয়া বিশেষ কাগজ
প্ৰেম মোৰ
একপক্ষীয় হৈ ৰ’ল
ডেউকা ভগাৰ তিক্ততাই
মোক ৰুদ্ধ কৰিলে।
চৌদিশে কেৱল অন্ধকাৰ।
দিক-বিদিক হেৰুৱাই
মই হৈ পৰিলোঁ
এজন ক্লান্ত পথিক।
প্ৰতিটো নিশাই
মই উজাগৰে
পাৰ কৰিছিলো
বিৰহত কান্দি-কান্দি
মোৰ কন্ঠ ৰুদ্ধ হৈ পৰিছিল
পিছে মই তেজেৰে
বিষাদ অকা নাছিলোঁ।
উকা কাগজত
তোমাৰ নামেৰে
আকি গৈছিলোঁ
ইটোৰ পাছত সিটো
কবিতাৰ কলাজ।
প্ৰেমত পৰিলে অকবিয়েও
কবিতা লিখে।

মোৰ এঙাৰবৰণীয়া কলিজাৰ উচুপনি তুমি
শুনা পোৱা নাছিলা
কিয়নো তুমি হৃদয়হীন,
তুমি আবেগহীন।
সঁচা মৰম তেনেই
মূল্যহীন তোমাৰ ওচৰত।

তোমাৰ প্ৰেমত পৰি
ব্যৰ্থতাৰ মালা পিন্ধি
জীৱনৰ সোণোৱালী
সম্ভাৱনাবোৰ মৃত্যু ঘটাই
আজি নিজকে লৈ
ক্ষোভিত মই।
আজি মোৰ
অনুশোচনা অৰ্থহীন।
কিয়নো সময়
কাৰো বাবে নৰয়
হেৰুৱা দিনবোৰ
আৰু উভতি নাহে।

✍️অংকুৰ জ্যোতি বৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *