গুৱাহাটী। দুপৰ নিশা। মাস্ক্ পৰিধান কৰা চাৰিজন ব্যক্তি ১মিটাৰৰ অন্তৰে অন্তৰে অগা-পিছাকৈ চানমাৰিৰ ফালৰ পৰা শিলপুখুৰীৰ দিশে গৈ আছে। নিশা ডিউটিত থকা তিনিজন পুলিচে মানুহ চাৰিজনক আগচি ধৰি এই ৰাতিখন ক’লৈ যাব সুধিলে। আংশিক লকডাউনৰ বাবে দিনৰ ১২ বজাৰ পাছত ৰাস্তাত এনেকৈ ওলোৱাটো যে মানা– সেই কথাটো তেওঁলোকৰ অৱগত নহয় নেকি তাকো সুধিলে।
তিনিওজন আৰক্ষীৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ আৰক্ষীজনে মানুহকেইজনক জেৰা কৰি থাকিল– “ক’লৈ যায় এই মাজনিশা ? কি নাম আপোনালোকৰ ? পৰিচয়-পত্ৰ ?”
ব্যক্তি চাৰিজনৰ আটাইতকৈ কনিষ্ঠজনে মাত লগালে– “সেই তেখেতৰ নাম চোৰমন্ত্ৰ, এখেত ডকাইতেন্দ্ৰ, এওঁ সিন্ধিৰাম আৰু মই পকেটমাৰণাস্ত্ৰ।
আৰক্ষীগৰাকীয়ে পুনৰ আৰম্ভ কৰিলে– “আটাইকেইজনচোন বেলেগ বেলেগ সংগঠনৰ! এতিয়া একেলগে যে ?”
পকেটমাৰণাস্ত্ৰই পুনৰ উত্তৰ দিলে– “ছাৰ, হোৱাত হয় বাৰু বেলেগ বেলেগ সংগঠনৰ! পিছে আংশিক লকডাউনৰ বাবে আমাৰ আটাইকেইটা সংগঠনৰে সদস্যবোৰ ছেদেলি-ভেদেলি হৈ ৰাজ্যৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ আছে। গাড়ী-মটৰো তেনেকৈ চলা নাই! লিডাৰকেইজন গুৱাহাটীতে থাকি গ’লোঁ। এনেও আমাৰ হেড্ অফিচ গুৱাহাটীতে ছাৰ। কিন্তু এতিয়া খাবতো লাগিব। অভ্যাসটোতো একেবাৰে এৰি দিলেও বেয়া কথা হ’ব! সেইবাবে মিলিজুলি চাৰিও সংগঠনৰ লিডাৰ ওলাই আহিছোঁ আৰু।” আৰক্ষী তিনিজনৰ চকু কপালত উঠিল। আন এজন আৰক্ষীয়ে সুধিলে– “পিছে চিকাৰ মিলিছেনে নাই ?”
পকেটমাৰণাস্ত্ৰই মোলায়েম হাঁহি এটা মাৰি ক’লে– “মিলিছে ছাৰ! কয়লা ছিণ্ডিকেটৰ মাফিয়া এজনৰ ঘৰলৈ আমি তিনিও সোমাই গ’লোঁ। কিন্তু সিন্ধিৰামে মাফিয়াজনৰ ঘৰত সোমাবলৈ অস্বীকাৰ কৰিলে।
জ্যেষ্ঠ আৰক্ষীজনে তৎক্ষণাৎ সুধিলে–“কিয় ?”
পকেটমাৰণাস্ত্ৰই ক’লে– “ছাৰ, ৰাতি মানুহৰ ঘৰলৈ সিন্ধিৰামৰ গাতেদিহে অহা-যোৱা কৰাৰ অভ্যাস যে! ৰাতি কোনোবা মানুহৰ ঘৰৰ দুৱাৰেদি সোমাই গ’লে তাৰ হেনো মাথাটো কিবা ঘূৰোঁৱাৰ নিচিনা কৰে। সেইবাবে আমিও তাক জোৰ কৰা নাই। কেৱল মাফিয়াজনৰ ঘৰতেই নহয়– সিন্ধিৰাম কাৰোৰে ঘৰতেই সোমোৱা নাই। বাহিৰতে ৰৈ আমাৰ অপাৰেচনবোৰৰ অন্যান্য দিশবোৰত চকু ৰাখিছে।
এজন আৰক্ষীয়ে সুধিলে– “তাৰ পিছত ?”
পকেটমাৰণাস্ত্ৰাই কৈ গ’ল– “তাৰ পিছত মাফিয়াজনৰ বয়সিয়াল মাক-দেউতাকৰ বাহিৰে ঘৰৰ সকলোকে হেণ্ডছ্-আপ্ কৰাই নগদ ১ লাখ টকা দাবী কৰিলোঁ। তেওঁলোকে জনালে যে ১ লাখ টকা আছেহে ঘৰত। আংশিক লকডাউনৰ এই অভাৱ-অনাটনৰ সময়ত আটাইকেইটা পইচা নিদিওঁ। ৮০ হাজাৰ দিলে বেয়া পাব নেকি আমাক সুধিলে। বেয়া নাপাবলৈ অনুনয়-বিনয় কৰিলে। আমিও বুজি পাওঁ দিয়কচোন। গতিকে টকা ৮০ হাজাৰকে লৈ মাফিয়াজনৰ মাক-দেউতাকক সেৱা এটা এটা জনাই আমি ওলাই গুচি আহিলোঁ। সেৱা কৰোঁতে আইতাগৰাকী অকণমান আৱেগিক হৈ পৰিছিল। থোকাথুকি মাতেৰে ক’লে– “বোপাইহঁত, সময় পালে আহি থাকিবা এনেকৈ। পাহৰি নাযাবা আমাক।”
মাফিয়া দাদাই তৎক্ষণাৎ ক’লে– “মানে দিনতেই আহিব আৰু…”
আৰক্ষীজনে পুনৰ সুধিলে– “তাৰ পিছত ?”
পকেটমাৰণাস্ত্ৰাই কৈ গ’ল– “তাৰ পিছত ৫ঘৰ মানুহৰ তাত সোমালোঁ। সকলোকে হেণ্ডছ্-আপ্ কৰি কৰি দেখিলোঁ– ঘৰবোৰত একোৱেই নাই ছাৰ! তেওঁলোকৰ অৱস্থা আমাতকৈও বেয়া। আংশিক লকডাউনে একেবাৰে শেষ কৰি পেলাইছে জন-জীৱন! পিছত সোমোৱা আটাইকেইঘৰেই ভাড়াতীয়া লোক। কাৰোবাৰ খাবলৈ পইচা নাই, কাৰোবাৰ চিকিৎসাৰ বাবে পইচা নাই, কাৰোবাৰ ল’ৰা-ছোৱালীৰ এডমিশ্যনৰ বাবে হাজাৰ-হাজাৰ টকাৰ প্ৰয়োজন। এনেহেন বিপদৰ সময়ত হাতত থকা নামমাত্ৰ টকাকেইটা লুটি নিনিবলৈ তথা একো অনিষ্ট নকৰিবলৈ আমাক তেওঁলোক আটায়ে হাতে-ভৰিয়ে ধৰি কাকূতি-মিনতি কৰিলে। তেওঁলোকৰ অভাৱ-অনাটন দেখি আমিও আৱেগিক হৈ পৰিলোঁ। আমি চাৰিওটাই আলোচনা কৰি–সকলোকে যিমান পৰা যায়– হাতত থকা ৮০ হাজাৰ টকাৰেই সহায় কৰিলোঁ। চিকিৎসা, ল’ৰা-ছোৱালীৰ স্কুল-এডমিশ্যন আদি কামবোৰ সদ্যহতে হৈ যোৱাকৈ সহায় কৰি সকলোৰে পৰা বিদায় লৈ এয়া এতিয়া আহি আছোঁ। আমাৰ চোৰ-ডকাইতৰো হৃদয় বোলা বস্তু এটা আছে– বুইছে ছাৰ!
জ্যেষ্ঠ আৰক্ষীজনে ক’লে– “মইতো তোমালোকক গ্ৰেপ্তাৰ কৰাৰ কথা মনে মনে ভাবি পেলাইছিলোঁ। পিছে তোমালোকৰ কথাবোৰ শুনি গ্ৰেপ্তাৰ কৰাৰ সিদ্ধান্ত পৰিহাৰ কৰিলা। পিছে এই চোৰ-ডকাইতি ভাল কথা নহয়– বুজিছা ? এইবোৰ বৃত্তি এৰি দিয়া সোনকালে। চোৰ-ডকাইতি, গুণ্ডাগিৰি-মাফিয়াগিৰি, হালধীয়া সাংবাদিকতা, কলা ব্যৱসায়, অসৎ ৰাজনীতি– এইবোৰৰ পৰা মুক্ত হ’লেহে অসমখন এখন সোণৰ অসম হ’ব পাৰিব। অন্যথা আমাৰ সোণৰ অসমৰ সপোন কল্পনা হৈয়ে ৰ’ব। আচ্ছা, এটা কথা সোধো– কেৱল তুমিয়েই উত্তৰবোৰ দি আছা যে! বাকীসকলে একো কথা নকয় কিয় ?
পকেটমাৰণাস্ত্ৰই মিচিককৈ হাঁহি এটা মাৰি ক’লে– “চোৰমন্ত্ৰ, ডকাইতেন্দ্ৰ, সিন্ধিৰাম– সিহঁত তিনিওয়ে কামবোৰ মানে অপাৰেচনবোৰ মনে মনে অৰ্থাৎ নীৰৱে সমাপন কৰে। মই আক’ চিটি বাছ-ৰে’ল আদিতহে ঘূৰি ফুৰোঁ– নহয় জানো! মানুহৰ লগত কথা-বতৰা, চা-চিনাকি হ’ব লগা হয়। সেইবাবে মোৰ কথা কোৱাৰ স্কিল্ এটা আপোনা-আপুনি আহি গৈছে ছাৰ! গতিকে সিহঁতেও কিবা কথা ক’ব লগা হ’লে মোকেই আগবঢ়াই দিয়ে।
জ্যেষ্ঠ আৰক্ষীজনে হাঁহি এটা মাৰিলে আৰু ক’লে– “বাৰু বাৰু, যোৱা এতিয়া। একেবাৰে ঘৰলৈ যোৱাগৈ। আজি তোমালোকৰ কিছু সু-কৰ্মৰ ফল– তোমালোকক এৰি দিলোঁ। কিন্তু শীঘ্ৰেই তোমালোকে এই বৃত্তি এৰি দিয়া দেই!”
চাৰিওজনে হয়ভৰ দিলে। বিদায় ল’বৰ পৰত পকেটমাৰণাস্ত্ৰই আৰক্ষী তিনিজনক উদ্দেশ্যি ক’লে– ছাৰ, আপোনালোক তিনিও বয়সত মোতকৈ বহুত ডাঙৰ হ’ব। আপোনালোকক সেৱা এটা এটা জনাই যাব খুজিছোঁ ছাৰ। এই বুলি পকেটমাৰণাস্ত্ৰই আটাইকেইজন আৰক্ষীৰ ভৰি চুই চুই সেৱা কৰিলে। আৰক্ষীকেইজন হঠাৎ আৱেগিক হৈ পৰিল। আৱেগতে আৰক্ষীকেইজনেও পকেটমাৰণাস্ত্ৰক সাৱট মাৰি মাৰি ধৰিলে আৰু ক’লে– “ভাই, ইমান ভাল অন্তৰৰ লোক তোমালোক। ভাল ভাল কাম কৰা ভাইহঁত। এই পৃথিৱীত বহুত ভাল ভাল কাম পৰি আছে। ভাল কামটো, উচিত কামটো বিচাৰি উলিয়াব পৰাটোৱেই আচল কথা। যোৱা ভাইহঁত, ভালকৈ জীৱনটো আৰম্ভ কৰাগৈ। চোৰ-পুলিচৰ আলিংগনে গভীৰ নিশাৰ সেই আন্ধাৰখিনি আৰু অধিক গহীন কৰি তুলিলে। পুলিচৰ পৰা বিদায় লৈ শিলপুখুৰীৰ দিশে খোজ কাঢ়ি কাঢ়ি এটা সময়ত চোৰমন্ত্ৰ, ডকাইতেন্দ্ৰ, সিন্ধিৰাম আৰু পকেটমাৰণাস্ত্ৰ নেদেখা হৈ পৰিল। বেচ কিছুসময়লৈ পুলিচ তিনিজন আৱেগিক হৈ থাকিল। হঠাৎ জ্যেষ্ঠ আৰক্ষীজনে বিকট চিঞৰ এটা মাৰিলে– “মোৰ মানিবেগটো ক’ত গ’ল ???”
অগা-পিছাকৈ আন দুজন পুলিচেও চিঞৰিলে–
“মোৰ মানিবেগটো ??”
“মোৰ মানিবেগটো ??” পুনশ্চ : ‘চোৰে নেৰে চোৰ-প্ৰকৃতি!
Kangkana sarmah
কংকনা শৰ্মা