#কাতি বিহু আৰু বিভিন্ন জনগোষ্ঠীয় পৰম্পৰা#
অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ ভিতৰত কাতি বিহু এটা। বহাগ আৰু মাঘ বিহুৰ মাজত,আহিন-কাতিৰ সংক্রান্তিত পালন কৰা কাতি বিহুক অসমবাসীয়ে খুব অনুষ্টুপীয়া আৰু অনাড়ম্বৰভাৱে পালন কৰে,ইয়াৰ মূল কাৰণ হ’ল উক্ত সময় হৈছে পথাৰত ধানে গেঁৰ মেলা সময় সেইবাবে এই সময়ছোৱাত অসমীয়া চহা কৃষিজীৱী লোকসকলৰ ঘৰত পৰ্যাপ্ত খাদ্য সম্ভাৰৰ নাটনি হোৱাৰ হেতুকে সময়খিনি খুব মহঙা।গতিকে জীৱন নিৰ্বাহৰ মূল ভেটি শইচমুঠি যেতিয়া ভৰাঁলত মজুত নাথাকে,তেতিয়া আনন্দ কৰাৰো থল নাথাকে। উক্ত কাৰণতেই আহিন কাতিৰ দোমাহীত অনুষ্ঠিত এই বিহুৰ অন্য এটা নাম ‘কঙালী বিহু’।
কাতি বিহুটো ক’বলৈ গ’লে সম্পূর্ণৰূপে নীতি নিয়মৰ অন্তৰ্গত। পথাৰৰ শইচমুঠিৰ পূৰ্ণতাপ্ৰাপ্তিৰ কামনা কৰি এই বিহু পালন কৰা হয়।নিয়ম অনুসৰি পথাৰৰ নতুনকৈ বীজ অংকুৰিত হেপাঁহৰ ধাননি দৰা কীট-পতংগৰ পৰা মুক্ত হৈ থাকিবলৈ সন্ধ্যা ধাননি পথাৰত (দিনটো লগোৱা হয়) মিঠাতেলৰ চাকি জ্বলোৱাৰ লগতে ভৰাঁলঘৰত সোমাব লগা শইচমুঠি নিৰাপদে থাকিবলৈ আৰু পৰিয়ালৰ সকলোৰে মংগল কামনা কৰি ঘৰৰ পিৰালি,পদূলিমুখ আৰু গোসাঁইঘৰত বন্তি জ্বলাই। সন্ধিয়া তুলসীৰ তলত চাকি-বন্তি,ধূপ আৰু মাহ প্ৰসাদৰ শৰাই সজোৱা হয়। এই তুলসীৰ তলতেই সৰু সৰু ল’ৰা ছোৱালীয়ে ঘূৰণীয়াকৈ বহি তুলসী নাম গায়,গৃহস্থৰ মংগলৰ কাৰণে আশীর্বাদ প্ৰদান কৰে আৰু গৃহস্থই যোগান ধৰা প্ৰসাদ গ্ৰহণ কৰে।
“তুলসী তুলসী অ’ আই তুলসী
তুমি গোবিন্দৰে প্ৰিয়া।
কোন পথে কানাই যায়।
অ’ আই তৎকালে সমিধান দিয়া”।।।।।
অথবা
“তুলসীৰ তলে তলে
মৃগ পহু চৰে,
তাকে দেখি ৰামচন্দ্ৰই
হৰধনু ধৰে”
কোনো কোনো ঠাইত পথাৰত গৈ গাঁৱৰ জেষ্ঠ কনিষ্ঠ সকলোৱে একেলগে ৰবাব টেঙা খায়। বিশ্বাস অনুসৰি কাতি বিহুৰ দিনা ৰবাব টেঙাৰ বাকলি পথাৰত পেলালে শইচ অনিষ্টকাৰী পোক পতংগ নাশ হয়। লগতে ৰবাব টেঙা প্ৰসাদটো বিশেষভাৱে অৰ্পণ কৰে যাতে ধানৰ থাকবোৰ ৰবাব টেঙাৰ দৰে পূৰঠ,ঘন আৰু পৈনত হয়।
অসমত বসবাস কৰা প্ৰায় প্ৰত্যেকটো জাতি জনগোষ্ঠীয়েই কম বেছি পৰিমাণে কাতি বিহু পালন কৰে। কাতি বিহুত তুলসীৰ তলত চাকি জ্বলোৱা পৰম্পৰা অষ্ট্ৰিকসকলৰ পৰাই আৰম্ভ হৈছে বুলি বিভিন্ন পণ্ডিতে মতপোষণ কৰিছে। কাতি বিহুৰ আঁতি গুৰি চালেও অষ্ট্ৰ’-মংগোলীয়সকলৰ জুমখেতিৰ লগত ইয়াৰ সম্পর্ক পোৱা যায়।
মিচিং সকলে কাতি বিহুক “কাতি অগ্-ৰাতি বা কাতি” বুলি কয়। সেইদিনা সৃষ্টিকর্তা লখিমীদেৱী আৰু পূৰ্বপুৰুষসকলকহে সুঁৱৰি চাকি বন্তি জ্বলাই সেৱা কৰি সকলোৰে কুশল মংগল কামনা কৰে। ঘৰৰ আগফাল আৰু পিছফালৰ উপৰিও ভঁৰাল,গোহালি,খুঁটি,পথাৰত বন্তি জ্বলাই লখিমীক আদৰণি জনায়।চাকি জ্বলোৱাৰ পাছত পৰম্পৰাগতভাৱে সকলোৱে আপং পানী সেৱন কৰি গীত মাত গাই আনন্দ কৰে।
দেউৰীসকলে উক্ত দিনা ঘৰ আৰু গাৱঁৰ দেওশালত পূজা অৰ্চনা কৰি কাতি বিহু পালে।আই লখিমীক আদৰি সন্তুষ্ট কৰাৰ অৰ্থে লখিমী পূজা আৰু সবাহ অনুষ্ঠিত কৰে।এই সবাহ তেওঁলোকে কাতি মাহৰ শুক্লপক্ষৰ প্ৰথমটো বুধবাৰে অনুষ্ঠিত কৰে।
সোণোৱাল কছাৰীসকলেও কাতি বিহুৰ দিনা তুলসীৰ তলত,পথাৰত,গোহালিত,পদূলিত,নাদ,ঘৰ আদিত চাকি জ্বলাই সৰ্বমংগল কামনা কৰি শিৱক প্ৰাৰ্থনা জনায়।চুতীয়াসকলেও কাতি বিহুৰ দিনা নতুনকৈ তুলসী ৰুই তুলসী সেৱা কৰে,নাম গাই প্ৰসাদ গ্ৰহণ কৰে।
মৰাণসকলে বহাগ বিহুৰ দৰে আন দুটা বিহু আড়ম্বৰপূর্ণভাৱে পালন নকৰে যদিও পৰম্পৰা মানি চলে। অন্য জনগোষ্ঠীৰ দৰে তেওঁলোকেও কাতি বিহুৰ নীতি নিয়ম সমূহ পালন কৰি বিহু অনুষ্ঠিত কৰে। চাহ জনগোষ্ঠী কিছু সংখ্যকেও কাতি বিহুৰ পৰম্পৰা অনুসৰি বিহু পালন কৰে। সেইদৰে নামনি অসমৰ বড়ো,ৰাভা,হাজং,কোচ ৰাজবংশী জনগোষ্ঠীয়ে কাতি বিহুক “কাতি গাছা বা কাতি দ’ল” বুলি কয়। তেওঁলোকৰ নিয়মসমূহো বাকীসকলৰ দৰে একেই।
বড়োসকলে কাতি বিহুৰ দিনা অকুমাৰী বা আবিয়ৈ গাভৰুৰ দ্বাৰা মিঠাতেল সনা চিৰিপাটেৰে,থোক ভৰি ধান লাগিবলৈ ধানৰ আগবোৰ চুই যোৱাকৈ আলফুলেৰে ফুৰাই দিয়ে। মধ্য অসমত বাস কৰা ভৈয়ামৰ তিৱা সকলে নিজ পৰম্পৰাৰে কাতি বিহু পালন কৰে। আহিনৰ শেষৰ দিনা নিচেই পুৱাতেই খেতিপথাৰলৈ গৈ নিজ নিজ পথাৰত গৃহস্থই আগলি বাঁহৰ চিমনা পুতি ৰবাব টেঙাৰ বাকলি ছতিয়াই দিয়ে। প্ৰতিঘৰ গৃহস্থই সচং ঘৰৰ ধ্বজত বন্তি জ্বলাই পূর্ণশংকৰ গুৰুৰ নামত পিঠা পনা,মদ আদি অৰ্পণ কৰে।
মধ্য অসমত বাস কৰা অন্য এটা জনগোষ্ঠী ডিমাচা সকলেও আহিন-কাতিৰ সংক্রান্তিত কাতি বিহু পালন কৰে। এই জনগোষ্ঠীটোৱে কাতি বিহুক “গাড্ডী সাঁঈজোৰা” বোলে। অৱশ্যে পথাৰত চাকি জ্বলোৱাৰ নিয়মটো ভৈয়ামৰ ডিমাচা সকলৰ মাজতহে সীমাবদ্ধ।
অসমৰ স্বাভিমান আৰু গৌৰৱ তিনিওটা বিহুৱেই অসমীয়াৰ হিয়াৰ আমঠু,যদিও কাতি বিহুৰ উচ্ছাহ উদ্দীপনা অন্য দুটাৰ তুলনাত সীমিত তথাপিও কৃষিজীৱী চহা অসমীয়াৰ মাজত আজিও কাতি বিহুৰ জনপ্রিয়তা আছে (নীতি নিয়মৰ ফালৰ পৰা)।
আধুনিকতাৰ বতাহে চঞ্চল কৰা অসমীয়াৰ বিহুৰ প্ৰতি বিশেষকৈ, কাতি বিহুৰ প্ৰতি স্নেহ হ্ৰাস পাইছে যদিও অসমীয়া চহা জীৱনৰ অস্তিত্বৰ ফালৰ পৰা কাতি বিহুৰ পৰম্পৰাক মুঠেও আওকাণ কৰাটো অনুচিত।কাৰণ বিহু থাকিলেহে অসমীয়া সমাজ থাকিব,জাতি থাকিব,অসমীয়াত্ব থাকিব।।।।।।
নজনা কিছু জানিলো ভাল লাগিল পঢ়ি |