সব্যসাচী বিষ্ণুপ্ৰসাদ ৰাভা: তেখেতৰ সাহিত্য আৰু বিপ্লৱী সত্তা!!
বিষ্ণু প্ৰসাদ ৰাভা চিৰদিনেই অসমৰ ইতিহাসৰ এটি উজ্জ্বল জ্যোতিষ্ক হৈ উজলি থাকিব। আজিও তেখেতৰ জীৱনী আৰু বিশাল কৰ্মৰাজিৰ সঠিক মূল্যায়ন হবলৈ বহুখিনিয়েই বাকী। অসমৰ তথাকথিত বৌদ্ধিক মহলে বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিভাক তেখেত জীৱিত থকা সময়ত সঠিক ভাৱে স্বীকৃতি প্ৰদান নকৰাৰ অভিযোগ বহুযুগৰে। জাতীয় সংগঠন অসম সাহিত্য সভায়ো জ্যোতি-বিষ্ণুক জীৱিত কালত যিমান গুৰুত্ব দিব লাগিছিল সিমান নিদি নিজৰ জাতীয় দ্বায়িত্ব পালনত অপাৰগ হ’ল বুলিও অভিযোগ আছে।
আজি কলাগুৰুজনাৰ মৃত্যু তিথি। সমগ্ৰ অসম জুৰি তেখেতৰ শিল্পী সত্তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ২০জুন দিনটো “বিষ্ণু ৰাভা দিৱস” ৰূপে পালিত হৈ আহিছে। তেখেতৰ সৃষ্টি অনুপম গীত সমূহক এক অন্য এক ধাৰাৰ গীত ৰূপে “ৰাভা সংগীত” ৰূপেও সময়ে স্বীকৃতি প্ৰদান কৰিছে। তেখেতৰ শিল্পী সত্তাৰ বিষয়ে অসমীয়াই যিমান জানে, তাতোকৈ বেছি বহল আৰু বহুমুখী ব্যক্তিত্বৰ ব্যক্তি আছিল বিষ্ণু ৰাভা।
অসমীয়া বৌদ্ধিক মহলে মাত্ৰ এক শিল্পী সত্তাৰ চিনাকিৰ মাজতে বিষ্ণু ৰাভাক বান্ধি ৰাখিবলৈ চেষ্টা কৰিলে বুলি অভিযোগ উঠে। কলাগুৰু ৰূপে খ্যাতি লভা ৰাভাদেৱক এই সন্মান ১৯৩৯চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে প্ৰদান কৰিছিল। আমন্ত্ৰণ লভি বিশ্ববিদ্যালয়খনত প্ৰদৰ্শন কৰা সেই অদ্বিতীয় “তাণ্ডৱ” নৃত্য চোৱাৰ পাছতে বহুমুখী শিল্পী প্ৰতিভাক স্বীকৃতি দিবলৈ “কলাগুৰু” সন্মানেৰে তেওঁক স্বীকৃতি যচা হয়।
এগৰাকী বহল হৃদয়ৰ মানুহ আছিল বিষ্ণু ৰাভা। তেখেতে যি বিপ্লৱী ধাৰণা পোষণ কৰিছিল, সেই ধাৰণাত মু্ক্তি বা স্বাধীনতা কেৱল বগা চাহাবৰ কৱলৰ পৰা মুক্তি পোৱাটোৱেই নাছিল। তেওঁৰ মতে শোষণ, নিস্পেষণৰ দাসত্বৰ পৰা শ্ৰমিক ৰাইজে পাব লাগিব স্বাধীনতা।
সেই চিন্তা কেৱল অসমৰ জনগণৰ বাবে অঞ্চলভিত্তিক নাছিল, সি আছিল এক বিশ্বজনীন মানৱীয় চিন্তা। এই স্বাধীনতা নোপোৱালৈ বগা চাহাবৰ হাতৰ পৰা ক’লা চাহাবলৈ হস্তান্তৰিত হোৱা ১৯৪৭ৰ স্বাধীনতাক আচল স্বাধীনতা নহয় বুলিও তেখেতে ঘোষণা কৰিছিল।
তেখেতে ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছতো শোষিত জনৰ স্বাধীনতাৰ বাবে নিজৰ যুদ্ধ অব্যাহত ৰাখিছিল। এহাতে বন্দুক আৰু আনফালে কলম লৈ আগবঢ়া বিষ্ণু ৰাভাক সতীৰ্থ সকলে সব্যসাচী বিষ্ণুৰাভা নামেৰেও আখ্যা দিছিল। জনতাৰ হাতত ক্ষমতা দিয়াৰ বাবে জনজাগৰণ কৰিবলৈ তেখেতে দিয়া তেজস্বী বক্তৃতা সমূহ আজি-কোপতি বিশ্লেষণ প্ৰতিষ্ঠিত ৰাজনৈতিক পণ্ডিত সকলে নকৰিলে। “হাল যাৰ মাটি তাৰ” শ্লোগানেৰে খেত-মজদুৰক মাটিৰ মালিকীস্বত্ব প্ৰদান, জমিদাৰী প্ৰথাৰ অন্ত পেলোৱা আদি বিষয়ত বিষ্ণু ৰাভাৰ চিন্তা তথা আদৰ্শক গৱেষণামূলক দৃষ্টিৰে নৱ-প্ৰজন্মৰ মাজলৈ অনাৰ নিশ্চয়কৈ প্ৰয়োজন আছে।
বিপ্লৱী আৰু শিল্পী সত্তাৰ বাহিৰেও গৱেষণাৰ দিশতো অগ্ৰণী আছিল বিষ্ণু ৰাভা। তেখেতক অসমৰ প্ৰথমজনা নৃতত্ববিদ বুলি আখ্যা দিব পাৰি। তেখেতে অসমৰ জনজাতীয় জাতি, গোষ্ঠী সমূহক লৈ কৰা ক্ষেত্ৰ-ভিত্তিক সৱল গৱেষণা পত্ৰ “বানো কোবাঙ”ত জনজাতীয় জীৱনৰ উপাদান সমূহক পদ্ধতিগত ভাৱে লিপিবদ্ধ কৰিছিল। “অসমীয়া কৃষ্টিৰ সমূহ আভাস”, “অতীত অসম” আদিও গৱেষণালব্ধ গ্ৰন্থৰ বহুল জনপ্ৰিয়কৰণৰ কাম এতিয়াও সংগঠিত বৌদ্ধিক মহলে কৰা চকুত পৰা নাই। বিষ্ণু ৰাভাক প্ৰথমজনা অসমীয়া নৃতত্ব গৱেষক বুলিও কোনো প্ৰচাৰ বা স্বীকৃতিৰ আনুষ্ঠানিকতা সম্পন্ন হোৱা নাই।
বিষ্ণু ৰাভা কেতিয়াও ক্ষুদ্ৰ পাৰ্টিগত আদৰ্শৰ মাজত সীমাবদ্ধ হোৱা সত্তা নাছিল। ৰাজনৈতিক ক্ষেত্ৰখনতো তেখেত জাতিগত বৈষম্যৰ সন্মুখীন হৈছিল বুলি জনা যায়। ৰাভাৰ তেজস্বী বক্তব্য, আবৃত্তি কৰা গুণ আদিৰ সমুখত সেই সময়ৰ দুজন সহকৰ্মীৰ ব্যক্তিত্বহে তুলনা কৰিব পৰা ধৰণৰ আছিল।
১৯৫১ চনত জ্যোতি প্ৰসাদৰ বিয়োগৰ পাছত ৰাভাদেৱ ভাৰতীয় গণনাট্য সংঘৰ ৰাজ্যিক সভাপতি হয়। কিন্তু একেধাৰে অভিনেতা, গীতিকাৰ, গায়ক, চিনেমা পৰিচালক আদি ভূমিকা পালন কৰা বহুমুখী প্ৰতিভাধৰজনে এই সংগঠনৰৰ যোগে কলিকতা আৰু মু্ম্বাইৰ পেশাদাৰী জগতৰ শীৰ্ষস্থানীয় লোকৰ সৈতে সান্নিধ্যলৈ অহাৰ সত্বেও তেওঁ কেতিয়াও কলাক পেশা বা ধন আহৰণৰ এটা অৱলম্বন হবলৈ নিদিলে। ৰাষ্ট্ৰীয় খ্যাতিৰ আশাত ৰাজ্য এৰি মঞ্চ বিচাৰি নগল! ৰাইজৰ মাজতে ৰাইজৰ মুক্তিৰ বাণীলৈ বাস কৰিব খোজা বিষ্ণু ৰাভাই আনকি ৰাইজে চাই দিয়া কণ্যাকে পাণিগ্ৰহণ কৰাৰ কথাও পঢ়িবলৈ পোৱা যায়।
বৰপেটাত ভগ্নীৰ সৈতে বাস কৰাৰ কালচোৱাতে তেখেতে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত সমূহ আয়ত্ত কৰি গাবলৈ শিকে। এজন কমিউনিষ্ট হৈয়ো কিন্তু ধৰ্মীয় গুৰু বুলি শংকৰদেৱৰ সৃষ্টিক তেখেতে অনাদৰ নকৰি আগ্ৰহেৰে আঁকোৱালি লৈছিল। বিষ্ণু ৰাভায়েই পোন প্ৰথমবাৰৰ বাবে নিজস্ব কল্পনাৰে শ্ৰীমন্ত শংকৰদেৱৰ ছবি অংকন কৰিছিল। আৰু এতিয়া ব্যৱসায়িক ভাৱে বহুল ভাৱে প্ৰচাৰিত ছবিখনৰ প্ৰকৃত সৃষ্টিকৰ্তা যে কলাগুৰু আছিল সেয়াও সাধাৰণ জনতাৰ অগোচৰ হৈয়ে আছে। তেখেতৰ আচল সৃষ্টিকৰ্মৰ কিছু অংশ এতিয়াও পৰিয়ালৰ হাতত থকা বুলিও জনা যায়। তেখেতে ৱাটাৰ কালাৰত চাৰিখনকৈ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিকৃতি অংকন কৰিছিল।
বিষ্ণু ৰাভাই জনজাতীয় সংস্কৃতি, পৰম্পৰা তথা ঐতিহ্যক লৈ খুৱেই সচেতন আছিল। তেখেতে কেইবাখনো অভিবৰ্তনত অংশগ্ৰহণ কৰি দিয়া বক্তৃতাৰ প্ৰতিটোতেই অতি সাৰুৱা কথা লুকাই থকা বুলি জনা যায়। অসমীয়া ভাষা আৰু সংস্কৃতিক আৰ্যমূলীয় বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ডঃ বাণীকান্ত কাকতি, ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা, ডঃ প্ৰফুল্ল দত্ত গোস্বামীৰ মতৰ সৈতে বিষ্ণু ৰাভা এই বিষয়ত স্থিতি বিপৰীত আছিল। তেখেতৰ যুক্তিত অসমীয়া জাতিৰ ভাষা আৰু সংস্কৃতিৰ গুৰি জনজাতীয়হে। উচ্চবৰ্ণৰ বৌদ্ধিক দমনেহে সেইকথা প্ৰমাণ হবলৈ নিদিলে, বিষয়টো অধ্যয়ন কৰিলে সেয়াই অনুভৱ হয়। শ্ৰীমন্ত শংকৰদেৱেও বহু জনজাতীয় সংগীত আৰু নৃত্যৰ পৰাহে সংমিশ্ৰনৰ মাজেৰে এক নতুন ধাৰাৰ গীত-নৃত্যক জন্ম দিছিল, যিটোৱে ৰাভাদেৱৰ বিশ্লেষণকহে সমৰ্থন কৰা যেন দেখা যায়, অথচ বহু বৌদ্ধিক পণ্ডিত এইক্ষেত্ৰত এতিয়াও সহমত প্ৰকাশ কৰিবলৈ আগ্ৰহী নহয়।
আঞ্চলিকতাবাদী শক্তি আৰু স্বাধীনতাকামী শক্তিয়ে বিষ্ণু ৰাভাক নিজৰ উদ্দেশ্যগত কাৰণত যোৱা তিনিটা দশকত সমাজৰ চকুলৈ “আঞ্চলিকতাবাদী, স্বাধীনতাকামী, স্বাধীনতাকামী বিপ্লৱীৰ প্ৰতিভূ”ৰ ৰূপ তুলি ধৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উঠিছে। একালত গুৰুত্বহীন কৰিবলৈ চেষ্টা কৰা সকলেও এতিয়া কলাগুৰুৰ সত্তাক ব্যৱহাৰ কৰিব বিচৰা বুলিও সচেতন মহলে উদ্বেগ প্ৰকাশ কৰে। বিষ্ণু ৰাভা কোনো এটা জাতি বা জনগোষ্ঠীয় পৰিচয়ৰে সামৰিব পৰা সত্তা কেতিয়াও নহয়, সেইকথা আমি সকলোৱে উপলদ্ধি কৰিব লাগিহ। আঞ্চলিকতাবাদৰ গণ্ডীয়েও কোনো পধ্যেই বান্ধিব নোৱাৰা সত্তা আছিল বিষ্ণু ৰাভা। প্ৰকৃততে এই সত্তা বিশ্বজনীন আৰু মানৱতাবাদীহে, আৰু সেই কথাৰ বহুল প্ৰচাৰ তথা আলোচনা এই মুহূৰ্তত অন্যতম প্ৰয়োজনীয় কথা হৈ উঠিছে।
২০০৯ চনত তেখেতৰ জন্ম-শতবাৰ্ষিকীত ভাৰত চৰকাৰে এটি ডাক টিকটো উন্মোচন কৰে। পুত্ৰ হেমৰাজ ৰাভাই আৰম্ভ কৰা তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি উদ্যানৰো দ্বায়িত্ব অসম চৰকাৰে এসময়ত কান্ধ পাতি লয়। উদ্যানখনতে কলাগুৰুৰ সমাধি থকাৰ লগতে দেৱাল সমূহত তেখেতৰ বিভিন্ন কৰ্মৰাজীও খোদিত হৈ আছে। অসম চৰকাৰে ১৯৮১চনৰ পৰা শিল্পী-সাহিত্যিক সকলৰ বাবে বিষ্ণু প্ৰসাদ ৰাভা বঁটাৰো প্ৰৱৰ্তন কৰিছে।
অসমৰ সৰু-বৰ সামাজিক অনুষ্ঠান, বিদ্যালয়, মহাবিদ্যালয় আদিত বিষ্ণু ৰাভা দিৱসৰ আয়োজন, কৰ্মৰাজিৰ আলোচনা, আদৰ্শ প্ৰচাৰ কৰাৰ প্ৰচেষ্টা অবিৰত হওক। বিষ্ণু প্ৰসাদৰ গীত সমূহৰ গীতিময়তা, আদৰ্শ, বক্তব্য আদিক লৈ গৱেষণা হওক, ৰাভা দেৱে আৰম্ভ কৰা পথেৰে লোক-সংস্কৃতিৰ গৱেষণা হওক। জীৱনী আৰু কৰ্মক বিশ্লেষণাত্মক ৰূপত সামৰা দ্ৰুতপাঠ্য প্ৰৱৰ্তন হওক। তাৰো-উৰ্ধত এইজনা বহুমুখী প্ৰতিভাধৰক “বিশ্বজনীন মানৱতাবাদী সত্তা” ৰূপে প্ৰতিষ্ঠা কৰাৰ চিন্তা-চৰ্চা প্ৰচেষ্টা নৱ-প্ৰজন্মই আৰম্ভ কৰক। তেখেতৰ সত্তাক প্ৰকৃত ৰূপত চিৰদিনলৈ অমৰ কৰি ৰাখিব পৰাকৈ প্ৰচেষ্টাৰ আৰম্ভণিহে আজিৰ দিনটোত হব পাৰিব, প্ৰকৃত শ্ৰদ্ধাঞ্জলি।
*_~✍️মৃন্ময় শইকীয়া, নগাঁও মহাবিদ্যালয়(স্ব) ৰাজনীতি বিজ্ঞান বিভাগ।_*
(উৎস: বিষ্ণু ৰাভা সম্পৰ্কীয় বিভিন্ন ৰচনাৱলী, ইন্টাৰনেট)