এইবেলি ব’হাগত তুমি আহিবা

এইবেলি ব’হাগত তুমি আহিবা

~পদ্মনাভ কাকতি
যান্ত্ৰিকী অভিযান্ত্ৰিক বিভাগ
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ

“Tomorrow will be beautiful,
For tomorrow comes out of the lake.”
(Emanuel Carnevali)

জানা, আমিবোৰ যে-
আশাৰ ছাবি-দিয়া
পুতলা।
যোৱানিশা পৰিত্যক্ত সপোনৰ নামনিত
ব’হাগৰ বিননী কি শুনিলো,
আজি চোৱা শীতৰ অঙ্গনত বসন্ত
বিচাৰি ডেউকা কোবোৱা এয়া
ম‌ই চাইবেৰিয়ান পখী!

শীতৰ বতাহজাকে বৰকৈ আচুৰিছে জানা!
বসন্তলৈ বেছি বাকী নাই।
এইবেলি ব’হাগত তোমালৈ বিহুৱান বুলি
এয়া ম‌ই তাঁতৰ শালত
মোৰ দুখৰ জেকা মাটিত গজা
এপাহি ভমকা সুৰুযমূখী লগাইছো।

এইবেলি ব’হাগত তুমি আহিবা দেই।

গাঁৱৰ পথটিটো জানাই,
একাষে সপোনৰ এছোৱা, একাষে বোকা
মাজতে কাঁকৈছিৰা আটী।
ডাকোৱাল সেইবাটেৰেই আহে।

সোণজিৰা বাইটিৰ পজাটো উৰুঙা হ’ল,
গাঁঠিৰ পুতে
চহৰত বাট পাহৰিলে।
বিহুটি আহিছে,
কালৰ পটাত ৰঙালীৰ এবাতি হালধী লৈ বাইটিয়ে পদূলিমূৰলৈ চাব,
এইবেলি ব’হাগত তুমি আহিবা দেই।

জানা, এইবেলি বানে পথাৰ ধুলে।
শূণ্য মুঠিটোহঁত লৈ কিহৰ আশাত যে সিহঁতে ৰঙালীৰ কথা কয়।
জুঁহালত ৰঙাকৈ জুইকুৰা জ্বলাই
শুদা চৰুবোৰ তাতেই দি গঞাই তুমি অহালৈ
আশাৰে বাট চাই ৰ’ব।

সেই চৰুবোৰ যে অন্ধকাৰ কুঁৱাৰ দৰেই
তোমাৰ পিঠিৰ আশাৰ সৌধ‌ই ঢুকি পাব জানো
তাৰ গভীৰতা?

তথাপিও সিহঁতবোৰে তুমি অহাৰ কথা কয়।
এইবেলি ব’হাগত তুমি আহিবা।

মোৰ পুৰাতন সৈৰিক সিৰাবোৰে কিয় জানা,
বিহুৰ পথাৰখনত অমৰাৱতী বিচাৰে!

চমতাই কুঁজা কৰা সিহঁতবোৰে কেনেকৈ যে ভাওনাত
ভীমৰ বচন মাতে?
তোমালৈ বুলি যদুপতিৰ ভাওটি থৈ দিম দিয়া।

তুমি আহিবা বুলিয়েই এয়া ম‌ই
শিলকটীয়া নৈয়ে কৰা
মোৰ হাতৰ আঁকবোৰত
জেতুকাৰ ৰং বোলাইছো।
কোনোবাই চোৱা,
উদং গৰুখুটিত মাখিয়তী চপাইছে।

তুমি আহিবা দেই।

আৰু শুনাচোন-
সীমান্তত থকা লহকৰকাইটিৰ বহুদিন খবৰ নাই।
নবৌয়ে চিঠি লিখি ভাগৰি পৰিছে।
বৌদেউৰ পাটৰ সাজত কৰ্পূৰৰ গোন্ধ লগাই নাই জানা!

তুমি মোৰ উত্তৰ দিবলৈ আহৰি নাপালেও,
বাৰিষাৰ পাঁচনি বৰদৈচিলাজাক হৈ
নবৌৰ চিঠিৰ সঁহাৰিকে আনিবা।
ম‌ই বেয়া নাপাও।
তেওঁৰ চিঠিৰ ঠিকনা আছে, মোৰ নাই।

এইবেলি ব’হাগত তুমি আহিবা।
আমিবোৰে আজিৰ জোঁৰ লৈ
কাইলৈৰ নতুন সূৰুয খেদি গাঁৱৰ মূৰলৈকে যাম,
তোমাক আদৰিবলৈ।

এইবেলি ব’হাগত তুমি আহিবা দেই।
***

Leave a Comment

Your email address will not be published. Required fields are marked *