লাচিত বৰফুকন আছিল ৰাজভক্ত মোমাই তামুলী বৰবৰুৱাৰ পুত্র। বৰবৰুৱা হিচাপে পিতৃ ৰাজ্যৰ সৰ্বপ্ৰধান ৰাজবিষয়া আৰু বিচাৰক আছিল। ৰাজবিষয়াৰ পুত্র হিচাপে লাচিতে সামৰিক আৰু অসামৰিক দুয়ো বিষয়তে দেউতাকৰ পৰাই শিক্ষা লাভ কৰিছিল। বৰবৰুৱাৰ পুত্র হিচাপে তেওঁ স্বৰ্গদেউৰ বৰ’চৰালৈকে আহ-যাহ কৰিছিল। লাচিতে প্ৰথমে ঘোঁৰাবৰুৱাৰ পদ লাভ কৰিছিল। এই দায়িত্বত থাকি তেওঁ দুৰ্দান্ত ঘোঁৰাক বশ কৰি ৰজাৰ আশ্বাৰোহন সুবিধাজনক কৰি দিছিল। তাৰ পিছত দুলীয়া বৰুৱাৰ পদ পায়।পিছলৈ তেওঁ গড়গাঁৱৰ কাষৰীয়া শিমলুগুৰি খেলৰ প্রধান শিমলুগুৰীয়া ফুকনৰ দায়িত্ব পাইছিল। সকলো পদতে কাৰ্যকুশলতা প্ৰদৰ্শন কৰা বৰফুকনক ৰজাই দোলাকাষৰীয়া পদো প্ৰদান কৰিছিল। দোলাকাষৰীয়া বৰুৱাৰ কাৰ্য্য আছিল ৰজা দোলাত উঠি ক’ৰবালৈ যাওঁতে লগত যোৱা পালি-পহৰীয়া সকলক পৰিচালনা কৰা। এনেদৰে বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি লাচিত বৰফুকনে অভিজ্ঞতাৰে শাৰীৰিক তথা মানসিকভাৱে নিজকে শক্তিশালী কৰি তুলিছিল।
১৬৬৯ খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহত ৰামসিংহ যেতিয়া অসম সীমাত উপস্থিত হোৱাৰ খবৰ আহিল,তেতিয়া বৰফুকনে নিজৰ সৈন্য শক্তিক যিকোনো মূহুর্ততে যুদ্ধৰ বাবে প্ৰস্তুত কৰি তুলিছিল। কোনোৱে যাতে কৰ্তব্য পালনৰ ক্ষেত্রত মূৰ পোলোকা মাৰিব নোৱাৰে তাৰ বাবে তেওঁ এই বুলি আজ্ঞা প্ৰচাৰ কৰিলে যে প্ৰতিজন ৰণুৱাই নিজৰ কৰ্তব্য সঠিকভাৱে পালন নকৰিলে আৰু কোনোবা সেনাপতি বা ৰণুৱাৰ অৱহেলাৰ প্ৰমাণ পালে শীঘ্রে শিৰচ্ছেদ কৰা হ’ব। স্বৰ্গদেৱৰ হস্তক্ষেপৰ কথা পিছতহে আহিব। বৰফুকনৰ এই আদেশ শুনি সকলোৱে ভয় খালে। স্বৰ্গদেউ চক্রেধ্বজ সিংহইও লাচিতৰ এই সিদ্ধান্তক সমৰ্থন কৰিলে। বৰফুকনে দেশৰ মানুহৰ স্বভাৱৰ কথা ভালকৈ জানিছিল বাবেই কঠোৰতা প্ৰদৰ্শন কৰিছিল।
দেশমাতৃৰ সুৰক্ষাৰ ক্ষেত্রত লাচিত বৰফুকন কিমান আপোচহীন আছিল সেয়া কৰ্তব্যত অৱহেলা কৰা নিজৰ মোমায়েকক কাটি দুছেও কৰা ঘটনাৰ দ্বাৰাই বুজা যায়। আগিয়াঠুটিৰ পৰা গুৱাহাটীলৈ স্থলপথেৰে মোগল বাহিনী আগবাঢ়ি অহাৰ আশংকাতেই সেই পথত একেদিনাই এটা গড় নিৰ্মাণ কৰাৰ দায়িত্ব দিছিল মোমায়েকক।কিন্তু গধূলি সময়ত গড় চাবলৈ গৈ দেখে গড়ৰ কাম আধাই সম্পূর্ণ হোৱা নাই। বৰফুকনে তাৰ কাৰণ সোধাত মোমায়েকে কৈছিল-বোপাদেউতা মানুহবোৰ কাম কৰি কৰি ভাগৰি পৰিছে,আৰু কিমান কৰিব। মোমায়েকৰ এনে দায়িত্বহীন মন্তব্য শুনি লাচিতে খাপৰ পৰা তৰোৱাল উলিয়াই একে ঘাপতে মোমায়েকক কাটি দুছেও কৰিলে। সেনাপতিৰ এনে উৰ্গ্ৰমূৰ্তি দেখি কাম কৰা মানুহবোৰ ভয়ত কম্পমান হ’ল। সকলোৱে নিজৰ প্ৰাণৰ মমতাত একে ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূর্ণ কৰি নিৰ্মাণ কৰিলে।
১৬৬৭ খ্ৰীষ্টাব্দত মোগলৰ দখলত থকা গুৱাহাটী মুক্ত কৰা আৰু ১৬৭১ খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধত মোগলক বিধ্বস্ত কৰি খেদি পঠিওৱাৰ আঁৰত আছিল অসমীয় সৈন্যৰ বৰ সেনাপতি লাচিত বৰফুকনৰ স্বদেশপ্ৰেম,দুৰ্জেয় শক্তি আৰু মনোবল। চাৰিবছৰৰ যুদ্ধত মোগলক বাৰে বাৰে পৰাস্ত কৰিব নোৱাৰা হ’লে সমগ্র অসম বিদেশীৰ অধীনলৈ গ’লহেঁতেন আৰু ৰাজ্যৰ ভৱিষ্যত অন্য দিশে গতি কৰিলেহেঁতেন। বিদেশীক খেলিবলৈ কৰা ৰণত লাচিত বৰফুকনৰ শাৰীৰিক অৱস্থাৰ যথেষ্ট ক্ষতি হৈছিল। তাৰ ফলতেই শৰাইঘাটৰ যুদ্ধৰ কেইমাহমানৰ পিছতে এইগৰাকী বীৰৰ অকাল মৃত্যু ঘটে।